মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ পানী আৰু অনাময় সহায়ক সংস্থা (ডব্লিও.এছ.এছ.ও.)

ইতিহাস

  • পানী আৰু অনাময় সহায়ক সংস্থা

    পানী আৰু অনাময় সহায়ক সংস্থাক পূৰ্বতে সংযোগ আৰু ক্ষমতা বিকাশ গোট হিচাপে জনা হৈছিল। পানী যোগান আৰু অনাময় দিশত প্ৰচাৰৰ পদক্ষেপ লোৱাৰ কাৰণে সংযোগ আৰু ক্ষমতা বিকাশ গোটক ৰাজ্যখনত পৰিকল্পিত আৰু ৰূপায়িত কৰা হৈছে। ২০০৭ বৰ্ষৰ নৱেম্বৰ মাহৰ শেষৰ ফালে অসমত সংযোগ আৰু ক্ষমতা বিকাশ গোটক আনুষ্ঠানিকভাৱে আৰম্ভ কৰা হয়। এছ.ডব্লিউ.এছ.এম.(আৰ.জি.আৰ.ডব্লিউ.এছ.এম.)ৰ কাৰ্যবাহী সঞ্চালকৰ পৰা ঘোষণা লাভ কৰাৰ পাছত সংযোগ আৰু ক্ষমতা বিকাশ গোটৰ গঠন হয় আৰু মুখ্য অভিযন্তা(জনস্বাস্থ্য কাৰিকৰী), অনাময় সংযোগ আৰু ক্ষমতা বিকাশ গোটৰ সঞ্চালক হিচাপে কাৰ্য্যভাৰ গ্ৰহণ কৰে। সংযোগ আৰু ক্ষমতা বিকাশ গোটৰ প্ৰধান উদ্দেশ্য হৈছে মানৱ সম্পদৰ ক্ষমতা নিৰ্মাণৰ জৰিয়তে স্পষ্টভাৱে এটি ৰাস্তা মানচিত্ৰ নিৰ্দ্ধাৰণ কৰি পানী সৰবৰাহ আৰু অনাময় কাৰ্যক্ৰমক দ্ৰুততৰ কৰা। ২০০৮-০৯ বৰ্ষত প্ৰকৃতৰূপত সংযোগ আৰু ক্ষমতা বিকাশ গোট কাৰ্যক্ষম হয়। সংযোগ আৰু ক্ষমতা বিকাশ গোটৰ কাৰ্যক্ৰমসমূহক ২০০৮ বৰ্ষত অনাময়ৰ আন্তৰাষ্ট্ৰীয় বৰ্ষ উদযাপনৰ এক অংশ হিচাপে কৰি অহা কাৰ্যক্ৰমৰ লগত প্ৰস্তুত কৰা হৈছিল। এই কাৰ্যক্ৰমসমূহ প্ৰকৃততে ব্যৱহাৰকাৰীৰ কাৰণে শৌচালয়ৰ নিৰ্মাণ আৰু সুৰক্ষিত পানীৰ যোগানৰ ৰূপত তৃণমূল পৰ্য্যায়ত ফলপ্ৰসূ হৈছে। অসমৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ সংযোগ আৰু ক্ষমতা বিকাশ গোটে পূৰ্বৰ বিত্তীয় বৰ্ষ শেষ হোৱাৰ ঠিক পিছতেই ২০১০-১১ বৰ্ষৰ কাৰণে নিজৰ কাৰ্যক্ৰম আৰম্ভ কৰে। 

    ভাৰত চৰকাৰৰ ডি.ডি.ডব্লিউ.এছ. নিৰ্দ্দেশাৱলী আৰু জাননী নং ডব্লিউ-১১০৪২/৭২/২০০৯-পানী দিনাংক ২৪ আগষ্ট ২০১০ আৰু অসম চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ভাইড জাননী পি.এইচ.ই.ডি.-৭৬/৯৬/পি.টি-II/১০০, দিছপুৰ দিনাংক ২৮ জানুৱাৰী ২০১১ অনুসৰি বিদ্যমান অসমৰ সংযোগ আৰু ক্ষমতা বিকাশ গোটটো পানী আৰু অনাময় সহায়ক সংস্থা, অসমৰ লগত ৮ ফেব্ৰুৱাৰী ২০০৮ তাৰিখত একলগ হয়। ডব্লিউ.এ.টি.এছ.এ.এন. ক্ষেত্ৰত পানী আৰু অনাময় সহায়ক সংস্থাৰ নিৰ্মাণৰ লগে লগে আদৰ্শ হস্তান্তৰৰ বিবেচনা কৰা হৈছে। এটি পৰিকল্পনা কৰা হৈছে যে জিলা, খণ্ড আৰু অন্যান্য তৃণমূল পৰ্য্যায়ৰ কাৰ্যক্ৰমসমূহক ডি.ডব্লিউ.এছ.এম.সমূহ, ডি.ডব্লিউ.এছ.চি.সমূহ আৰু বিভাগৰ অন্যান্য উপ-জিলা পৰ্য্যায়ৰ গোটৰ সহযোগত পানী আৰু অনাময় সহায়ক সংস্থাৰ প্ৰতক্ষ্য জনশক্তি সমৰ্থন আৰু কৌশলগত বিকেন্দ্ৰীকৃত কাৰ্যক্ৰমসমূহৰ মাধ্যমেৰে শক্তিশালী কৰা হব। বৰ্তমান পানী আৰু অনাময় সহায়ক সংস্থাৰ বিস্তৃত দায়িত্বসমূহৰ সৈতে এক উচ্চ অৱস্থিতিত আছে। নিৰ্দ্দেশাৱলী অনুসৰি তথ্য, শিক্ষা আৰু যোগাযোগ ব্যৱস্থা আৰু মানৱ সম্পদ উন্নয়ন কাৰ্যক্ৰমৰ বাহিৰে পৰিকল্পিত পানী আৰু অনাময় সহায়ক সংস্থাৰ ব্যাপক দায়িত্বসমূহৰ ভিতৰত কম্পিউটাৰাইজেশ্বন আৰু প্ৰৱন্ধন তথ্য ব্যৱস্থাৰ ৰূপায়ন, ডব্লিউ.এ.টি.এছ.এ.এন. কাৰ্যক্ৰমৰ পৰ্য্যবেক্ষণ আৰু মূল্যায়নৰ পৰিচালনা, পানীৰ গুণগত মানৰ নিৰীক্ষণ আৰু তদাৰক কাৰ্যক্ৰমসমূহ আছে। পানী আৰু অনাময় সহায়ক সংস্থাৰ উদ্দেশ্য হল প্ৰয়োজন ভিত্তিক ক্ষমতা নিৰ্মাণ ব্যৱস্থা, মানৱ সম্পদ উন্নয়ন কাৰ্যক্ৰম, সঠিক তথ্য শিক্ষা আৰু যোগাযোগৰ কৌশল, কাৰ্য গৱেষণা আৰু গৱেষণা আৰু উন্নয়নৰ পৰিচালনা কৰাৰ মাধ্যমেৰে ডব্লিউ.এ.টি.এছ.এ.এন. কাৰ্যক্ৰমৰ দ্ৰুত ৰূপায়নৰ সুবিধা প্ৰদান কৰা।