মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ পানী আৰু অনাময় সহায়ক সংস্থা (ডব্লিও.এছ.এছ.ও.)

ভ্ৰাম্যমাণ জল পৰীক্ষণ পৰীক্ষাগাৰ

  • পি.এইচ.ই.ডি.ৰ ভ্ৰাম্যমাণ জল পৰীক্ষণ পৰীক্ষাগাৰ সমূহ, অসম

    যত নমুনা সংগ্ৰহ কৰা স্থানৰ পৰা সুবিধাজনক দূৰত্বত কোনো পৰীক্ষাগাৰ নাথাকে তেনে পাহাৰুৱা আৰু ভিতৰুৱা অঞ্চল সমূহত অধিক হাৰত খোৱা পানীৰ বুনিয়াদী মানদণ্ডৰ মাপকাঠি সমূহ পৰীক্ষণ কৰাৰ বাবেই এই ভ্ৰাম্যমান পৰীক্ষাগাৰ সমূহ ব্যৱহাৰ কৰা হয়। এই ভ্ৰাম্যমান পৰীক্ষাগাৰ সমূহৰ জৰিয়তে প্ৰাকৃতিক দুৰ্য্যোগ, মহামাৰী বা বৃহত হাৰত সৃষ্টি হোৱা আপাতকালীন পৰিস্থিতিৰ সময়ত অথবা শৰণাৰ্থী শিবিৰ সমূহত সহায় আগবঢ়োৱা হয় যত সাধাৰণতে বিদ্যুত যোগান উপলব্ধ নহয়। এই পৰীক্ষাগাৰ সমূহৰ এক প্ৰধান সুবিধা এইয়া যে পানীৰ নমুনা সমূহ সংগ্ৰহ কৰাৰ লগে লগে ইয়াৰ জৰিয়তে পৰীক্ষা কৰিব পৰা যায় যিবোৰ নমুনাৰ বৈশিষ্ট সমূহ সজীৱ হৈ থাকে কিন্তু পাত্ৰত জমা কৰি ৰখা নমুনাৰ ক্ষেত্ৰত ইয়াৰ কিছু ব্যতিক্ৰম দেখা যায়; আৰু এইদৰেই ভিতৰুৱা বা পাহাৰুৱা অঞ্চলৰ ক্ষেত্ৰত এই ভ্ৰম্যমান পৰীক্ষাগাৰ সমূহ বিশেষ উপযোগী হৈ পৰে।


    ছবি- ক্ষেত্ৰত থকা ভ্ৰাম্যমাণ জল পৰীক্ষণ পৰীক্ষাগাৰ

    Downloads
    ভ্ৰাম্যমাণ জল পৰীক্ষণ পৰীক্ষাগাৰ
    TitleSizeDetail
    Review cum Training on " Drinking Water Quality Management through Water Safety Plan" for Laboratory Personnel318.88 KBswf-image