মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ পানী আৰু অনাময় সহায়ক সংস্থা (ডব্লিও.এছ.এছ.ও.)

তথ্য, শিক্ষা আৰু যোগাযোগ ব্যৱস্থা

তথ্য, শিক্ষা আৰু যোগাযোগ ব্যৱস্থা 

গাঁৱৰ পানী যোগান, অনাময় আৰু ইয়াৰ আনুসাংগিক অন্য বিষয় সমূহৰ বিষয়ে সামগ্ৰীক দিশত গ্ৰাম্যাঞ্চলৰ জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধিৰ উদ্দেশ্যৰে সময়ে সময়ে বিভিন্ন মাধ্যমৰ জৰিয়তে, প্ৰদৰ্শনী, মেলা, বঁটা প্ৰদান অনুষ্ঠান, সামাজিক স্থানান্তৰণ আৰু অন্যান্য তথ্য, শিক্ষা আৰু যোগাযোগ ব্যৱস্থাৰ কাৰ্য্যক্ৰমণিকাৰ দ্বাৰা বিভিন্ন সজাগতামূলক অনুষ্ঠান, আন্তঃব্যক্তিগত যোগাযোগ ব্যৱস্থা(আই.পি.চি.), বিজ্ঞাপন প্ৰচাৰ আদিৰ ব্যৱস্থা কৰা হয় আৰু লগতে ইয়াৰ জৰিয়তে যাতে গ্ৰাম্য খোৱাপানী যোগান ব্যৱস্থাৰ ক্ষেত্ৰত ইয়াৰ পৰিকল্পনা, ৰূপায়ন, পৰিচালনা আৰু তত্বৱধানৰ দিশত গাঁৱৰ বাসিন্দাসকলে যাতে উচিত সিদ্ধান্ত লোৱাৰ বাবে তেওঁলোকৰ ক্ষমতা বৃদ্ধি কৰিব পাৰি।

গোটেই বছৰ জুৰি  ৰাজ্যখনত বিভিন্ন গুৰুত্বপূৰ্ণ দিন তথা অনুষ্ঠান উদযাপনৰ সময়ত ৱাছ সম্পৰ্কীয় নানা বিষয় সম্বন্ধে সজাগতা বৃদ্ধিৰ উদ্দেশ্যৰে এই বিশেষ আই.ই.চি. অভিযান সমূহ চলোৱা হয়।

 
ছবি- বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা বৃদ্ধি

 
ছবি- ৱাছ আৰু হাত ধোৱা বিষয়ত জনসাধাৰণৰ সৈতে সজাগতা সভা