মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ পানী আৰু অনাময় সহায়ক সংস্থা (ডব্লিও.এছ.এছ.ও.)

মানৱ সম্পদ উন্নয়ন

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া-কৰ্মচাৰী, পৰীক্ষাগাৰ কৰ্মচাৰী, ক্ষেত্ৰীয় কাৰ্য্যকৰ্তা, আশাকৰ্মী আৰু অংগণৱাডী কৰ্মী, বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক, এন.জি.ওৰ কৰ্মচাৰী, এছ.এইচ.জি. আদি সকলোৰে ক্ষমতা বিকাশৰ বাবে  পানী আৰু অনাময় সহায়ক সংস্থাই (ডব্লিও.এছ.এছ.ও.) বিভিন্ন প্ৰশিক্ষণমূলক কাৰ্য্যক্ৰমৰ আয়োজন কৰে। পঞ্চায়তীৰাজ প্ৰতিষ্ঠান/স্থানীয় নিকায়/জি.পি.ডব্লিও.এছ.চি./ভি.ডব্লিও.এছ.চি. আদি সকলকো গ্ৰাম্য খোৱাপানী যোগান ব্যৱস্থামূলক কাৰ্য্যক্ৰম পৰিকল্পানা তথা ইয়াৰ ৰূপায়ন, পৰিচালনা আৰু লগতে তত্বাৱধান লোৱাৰ বাবে সক্ষম কৰি তুলিবলৈও প্ৰশিক্ষণ প্ৰদান কৰা হয়।  

তাৰোপৰি, খোৱাপানী যোগান আৰু প্ৰৱন্ধন  ক্ষেত্ৰতো বিভাগীয় বিষয়া সকলৰ জ্ঞান বৰ্ধনৰ বাবে তেওঁলোকক বিভিন্ন স্থান ভ্ৰমণ কৰাৰো সুবিধা প্ৰদান কৰা হয়।


ছবি- ৱাছ সম্বন্ধে আশাকৰ্মী আৰু অংগণবাদি কৰ্মী সকলক প্ৰশিক্ষণ প্ৰদান কৰা


ছবি- জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিষয়া সকলক পানীৰ মানদণ্ড সম্পৰ্কে প্ৰশিক্ষিত কৰা