মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ পানী আৰু অনাময় সহায়ক সংস্থা (ডব্লিও.এছ.এছ.ও.)

প্ৰৱন্ধন তথ্য ব্যৱস্থা

প্ৰৱন্ধন  তথ্য ব্যৱস্থা 

প্ৰৱন্ধন তথ্য ব্যৱস্থাৰ অন্তৰ্গত ইয়াত বিভিন্ন উপাদান আছে। ইয়াৰ কিছুমান তলত উল্লেখ কৰা হলঃ 

কম্পিউটাৰকৰণ- পানী আৰু অনাময় সহায়ক সংস্থাই (ডব্লিও.এছ.এছ.ও.)জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যালয়ৰ পৰা উপ-খণ্ড পৰ্য্যায়লৈ কম্পিউটাৰকৰণৰ সুবিধা আগবঢ়াই। জল-পৰীক্ষণ পৰীক্ষাগাৰ সমূহৰ কাম-কাজবোৰো সুনিয়াৰিকৈ চলিবৰ বাবে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনত কম্পিউটাৰ আৰু অন্যান্য আন্তঃগাঁথনিৰ ব্যৱস্থা কৰা হয়। 

নেটৱৰ্কিং- পানী আৰু অনাময় সহায়ক সংস্থাই  জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্য্যালয় আৰু জল পৰীক্ষণ পৰীক্ষাৰ পৰা উপ-খণ্ড পৰ্য্যায়লৈ ইণ্টাৰনেটৰ সুবিধা আগবঢ়াই। 

অভিযোগ নিবাৰণ কেন্দ্ৰ (জি.আৰ.চি.)- খোৱাপানী আৰু অনাময় বিষয়ত ৰাজহুৱা অভিযোগ গ্ৰহণ কৰাৰ উদ্দেশ্যৰে পানী আৰু অনাময় সহায়ক সংস্থা, জনস্বাস্থ্য কাৰিকৰী বিভাগ, অসমত এটা অভিযোগ সমাধান কেন্দ্ৰ কাৰ্য্যৰত অৱস্থাত আছে। এই অভিযোগ নিবাৰণ কেন্দ্ৰৰ বিনামূলীয়া ফোন নম্বৰটো হৈছে ১৮০০ ১২৩৪৫ ৭৪। 

এই বিনামূলীয়া ফোন নম্বৰটোৰ প্ৰচাৰৰ বাবে পানী আৰু অনাময় সহায়ক সংস্থাই অসম চক্ৰৰ সকলো মোবাইল সেৱাৰ যোগেৰে সকলো মোবাইল ফোন ব্যৱহাৰকাৰীলৈ বাৰ্তা প্ৰেৰণৰ ব্যৱস্থাও কৰিছে।

 
ছবি- অভিযোগ নিবাৰণ কেন্দ্ৰ, জনস্বাস্থ্য কাৰিকৰী বিভাগ, অসম

সমগ্ৰ ৰাজ্যতে উন্নত মাণৰ পৰ্য্যবেক্ষণ কৰাৰ সুবিধাৰ্থে অসমৰ ছয় স্থানত জনস্বাস্থ্য কাৰিকৰী বিভাগে ভিডিঅ’’ কনফাৰেন্সিঙৰ ব্যৱস্থা কৰিছে। ভিডিঅ কনফাৰেন্সিংৰ সুবিধা থকা এই ছয় স্থান তলত উল্লেখ কৰা হল-

১. মুখ্য অভিযন্তা জনস্বাস্থ্য কাৰিকৰী বিভাগ (অনাময়)

২. পানী আৰু অনাময় সহায়ক সংস্থা, বেটকুচি

৩. অতিৰিক্ত মুখ্য অভিযন্তা জনস্বাস্থ্য কাৰিকৰী, ইউ.এ.জেড, নগাঁও

৪. অতিৰিক্ত মুখ্য অভিযন্তা জনস্বাস্থ্য কাৰিকৰী, এন.এ.জেড, তেজপূৰ

৫. অতিৰিক্ত মুখ্য অভিযন্তা জনস্বাস্থ্য কাৰিকৰী, বৰাক উপত্যকা, কাছাৰ

৬. সঞ্চালক বি.টি.এ.ডি., কোকৰাঝাৰ