মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ জনস্বাস্থ্য কাৰিকৰী বিভাগ পানী আৰু অনাময় সহায়ক সংস্থা (ডব্লিও.এছ.এছ.ও.)

অভিযোগ কৰক

পানী আৰু অনাময় সহায়ক সংস্থাই (ডব্লিও.এছ.এছ.ও.), জনস্বাস্থ্য কাৰিকৰী বিভাগৰ এক অভিযোগ গ্ৰহণ কোষো আছে যত এক বিনামূলীয়া ফোন নম্বৰ, ১৮০০১২৩৪৫৭৪, উপলব্ধ আৰু এই নম্বৰত সকলো লোকে প্ৰয়োজন সাপেক্ষে নিজ নিজ অভিযোগ দাখিল কৰিব পাৰে আৰু আনুসাংগিক প্ৰশ্নও কৰিব পাৰে। ফোনকল সমূহ টেলি কলাৰ সকলে গ্ৰহণ কৰে আৰু তেওঁলোকে পাছত অভিযোগ সমূহো পঞ্জীয়ন কৰে। তাৰপাছতে এই অভিযোগবোৰ সংশ্লিষ্ট জনস্বাস্থ্য কাৰিকৰী বিভাগ মণ্ডল/উপ-মণ্ডল সমূহলৈ প্ৰেৰণ কৰা হয় আৰু জনসাধাৰণৰ সুবিধাৰ্থে এই অভিযোগ তথা সমস্যা সমূহ সম্ভবপৰ কম সময়ৰ ভিতৰতে সমাধান কৰা হয়।